ভূপেন বৰা কোন?বিজেপি মূৰ্খ নহয় মাটি দখল কৰি কাৰ্যালয় খুলিবলৈ- দিগন্ত কলিতা

A

নিউজ ডেস্ক:

ভূপেন বৰা কোন হয় বিজেপিৰ কাৰ্যালয় ভাঙিবলৈ?আমাৰ কাৰ্যালয় দেখি হিংসা হয় কংগ্ৰেছৰ।কাৰ্যালয় খুলিবলৈ মাটি দখল কৰিবলৈ বিজেপি মূৰ্খ নহয়-এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।ভূপেন বৰাই শাসনত কংগ্রেছ আহিলে বিজেপি নৱনিৰ্মিত কাৰ্যালয় ভাঙি দিম বুলি কোৱা মন্তব্যক উভতি বিজেপিৰ বিধায়ক কলিতাই কয়- ভূপেন বৰাৰ মন্তব্যই আঘাট দিছে।আমি দুখ পাইছোঁ।কাৰ্যালয়টো আমাৰ বাবে মন্দিৰ।ভূপেন বৰাৰ দম আছে যদি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা আৰু পঞ্চায়ত নিৰ্বাচন সফলতাৰে জয়ী হৈ দেখাওক।

ভাৰতীয় জনতা পাৰ্টীৰ লগত ফেৰ মাৰি লাভ নাই।৭-৮ টাকৈ নিৰ্বাচনত পৰাজিত হোৱা ভূপেন বৰাই এতিয়া যুঁজ দিব লাগিব আপৰ লগত বুলি উল্লেখ কৰি তেওঁ লগতে কয়- আমাক সমালোচনা কৰিছে কৰক কিন্তু আমাৰ কাৰ্যালয় ভাঙি দিম বুলি কবলৈ ক’ত অধিকাৰ পালে ভূপেন বৰাই।

সম্পূৰ্ন নীতি নিয়মৰ মাজেৰে কাম কৰিছে বিজেপিয়ে।আমি কাৰ্যালয় খুলিছোঁ কিন্তু কংগ্ৰেছে অগাধ সম্পত্তি কৰিছে।কংগ্রেছ শাসনত আহিলে আমাক মাৰি পেলাব নেকি?- এই প্ৰশ্ন বিধায়ক কলিতাৰ ৷
আনহাতে ভূপেন বৰাৰ মন্তব্যক উভতি ধৰি বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়-'কংগ্ৰেছে ৬০বছৰ শাসনত থাকিও কাৰ্যালয় নিৰ্মান কৰিব নোৱাৰিলে।বিজেপিয়ে ৬বছৰ শাসনত থাকিয়ে ধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰিছে।ইয়াকে লৈ কংগ্রেছ কর্মীৰ মাজত ক্ষোভ সৃষ্টি হৈছে।’

Your Comments