তেজস্বিতাৰ মৃত্যুৱে উদঙাই দিছে অসমৰ চিকিৎসা খণ্ডৰ পঁয়ালগা দৃশ্য

A

নিউজ ডেস্ক:

মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৱে উদঙাইছে ৰাজ্যৰ পয়ালগা চিকিৎসা ব্যৱস্থা।তেজস্বিতাৰ আকস্মিক বিয়োগৰ খবৰে ম্ৰিয়মান কৰিছে সাংস্কৃতিক জগতক।
অসম চৰকাৰৰ চিকিৎসা খণ্ডত চলি থকা চৰম গাফিলতিৰ ফলত আজি তেজস্বিতাৰ দৰে এগৰাকী প্ৰতিভাৱান সংগীত শিল্পীয়ে অকালতে মৃত্যুক সাবটি ল'বলগীয়া হ'ল- এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ।
আনহাতে কন্ঠশিল্পী গৰাকীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।তেজস্বিতাৰ মৃত্যুৰ বাবে অসম চৰকাৰৰ চিকিৎসা বিভাগ জগৰীয়া।চিকিৎসালয়ৰ আঁন্তঃগাথনি উন্নত হোৱা হলে তেজস্বিতাই অকাল মৃত্যুক আঁকোৱালি ল'ব লগা নহল হেঁতেন।তেজস্বিতাৰ মৃত্যুৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱালে ল'ব- এই মন্তব্য কৃষক মুক্তি নেতা বিদ্যুৎ শইকীয়াৰ।

উল্লেখ্য যে,বুধবাৰে উপযুক্ত চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাৱটি লৈছিল তেজস্বিতাই।

Your Comments