বৰ্ষাপাৰাত সাপ আৰু ফ্লাদ লাইট বন্ধৰ প্ৰসংগত কি কলে ACA, পঢ়ক

A

নিউজ ডেস্ক:
গুৱাহাটী বৰ্ষাপাৰাত ক্ৰিকেট খেলৰ মাজতে ওলোৱা দুটাকৈ সাপ ধৰা ফিল্ড কিউৰেটৰক পুৰস্কৃত কৰিব অসম ক্ৰিকেট সন্থাই।দিগম্বৰ বড়ো নামৰ কিউৰেটৰ গৰাকীয়ে কৌশলেৰে ধৰি বাহিৰলৈ উলিয়াই নিছিল সাপ দুডালক।

আনহাতে সাপ ওলোৱাৰ প্ৰসঙ্গত সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ কৰে একাংশই।ইফালে অসম ক্ৰিকেট সন্থাৰ নেতৃত্বই সাপ ওলোৱা প্ৰসংগত কয়- অসমত মানুহ আৰু জন্তু একেলগে বাস কৰে সেই কথাটোৱে প্ৰমাণ কৰে।সাপ ওলোৱাটো ডাঙৰ কথা নহয়।যি গৰাকী কৰ্মচাৰীয়ে সাপ ধৰিছে তেওঁক আমি পুৰস্কৃত কৰিম।

আনহাতে সাপ ওলোৱাৰ পিছতেই ফ্লাদ লাইট বন্ধ হৈ পৰে বৰ্ষাপাৰাত।লাইট বন্ধ হৈ পৰাত কিছুসময় বাবে বন্ধ কৰি দিয়া হয় খেলখন।প্ৰায় ২০মিনিট সময় ধৰি বন্ধ হৈ থাকে খেল।দক্ষিণ আফ্ৰিকাই বেটিং কৰি থকা সময়তে এই ঘটনা সংঘটিত হয়।ইফালে ফ্লাদ লাইট বন্ধ হৈ পৰাত একাংশই সামাজিক মাধ্যমত অসম ক্রিকেট সন্থাক কটাক্ষ কৰে।ফ্লাদ লাইট প্ৰসংগত অসম ক্ৰিকেট সন্থাৰ সভাপতি দেৱজিৎ লন শইকীয়াই কয়- লাইট বন্ধ হৈ যোৱাটো কোনো ইচ্যু নহয় ৷

Your Comments