গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট টিম, শুকুৰবাৰে নামিব অনুশীলন

A

নিউজ ডেস্ক:

গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকা ক্ৰিকেট টিম।বিশেষ বিমানযোগে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় দুয়োটা দল।কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োটা দলৰ খেলুৱৈক লৈ যোৱা হয় হোটেল ৰেডিচন ব্লুলৈ।অসম ক্ৰিকেট সন্থাই সাজু কৰি ৰখা বাছেৰে দল দুটাৰ খেলুৱৈক বিমানবন্দৰৰ পৰা অনা হয় হোটেললৈ।

উল্লেখ্য যে ২অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখী হ'ব   টি-20ত।

ইফালে অসম ক্ৰিকেট সন্থাই জনোৱা মতে শুকুৰবাৰে বৰ্ষাপাৰাত দুয়োটা দলে অনুশীলন কৰিব।শনিবাৰেও অনুশীলন কৰিব দল দুটাই।গুৰুত্বপূৰ্ণ কথা এই যে,দেওবাৰে অনুষ্ঠিত হ'ব লগা টি-20 খেলখনক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে ক্ৰিকেটপ্ৰেমীৰ মাজত।

Your Comments