ভূপেন বৰাই গৌৰৱ গগৈ-প্ৰদ্যুৎ বৰদলৈক পৰাস্ত কৰাৰ পৰিকল্পনা কৰিছে- ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:
"লোকসভা নিৰ্বাচন অকলেই খেলিম।জন্মৰ পৰা আমি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ।মাত্ৰ এবাৰ আমি মিত্ৰতা কৰিছো কংগ্রেছৰ লগত"- এই মন্তব্য AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।“পূৰ্বতে তিনিখন আসন দখল কৰিছো।এইবাৰ 3-প্লাছ পৰিকল্পনাৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ম বুলি বিধায়ক গৰাকীয়ে লগতে কয়।নগাওঁ, কলিয়াবৰত ইয়াৰ পূৰ্বেও নিৰ্বাচন খেলিছিল AIUDFয়ে ৷ পূৰ্বে ৩খনকৈ আসনত জয়ী হোৱা বিপৰীতে কেইবাখনত দ্বিতীয় আৰু তৃতীয় স্থানত আছিল৷

পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ম বুলি উল্লেখ কৰি ইছলামে কয়- কংগ্রেছৰ সভাপতি ভূপেন বৰাই গৌৰৱ গগৈক পৰাস্ত কৰাৰ পৰিকল্পনা কৰিছে।বৰাই পূৰ্বে ৰিপুন বৰাক কিক মাৰিছে।এইবাৰ পাল গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈৰ।

'সপোনত যিখন চৰকাৰ গঠন কৰিব বুলি ভাবি আছে কংগ্ৰেছে, ভূপেন বৰাই সেইখন চৰকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সকলক একাষৰীয়া কৰিবলৈ বিচাৰিছে।সভাপতি বৰা শত্ৰু-মিত্ৰ চিনাত ব্যৰ্থ।বিজেপি দলক শত্ৰু হিচাপে লোৱা পৰিবৰ্তে বিৰোধী দল সমূহৰ সৈতে কাজিয়া কৰি আছে কংগ্ৰেছে- AIUDF দলৰ বিধায়ক গৰাকীয়ে কয়।

Your Comments