
নিউজ ডেস্ক:
'জালুকবাৰী সমষ্টিত ৩০জন প্ৰাৰ্থীৰ তলিকা দি ময়ো চাকৰি দিছিলো!ইণ্টাৰভিউ নিদিয়াকৈয়ে তেওঁলোকে আজিও চাকৰি কৰি আছে'- খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।১৯৯৮চনত শাসনত থকা চৰকাৰৰ সৈতে ভাল আছিল। শিক্ষামন্ত্ৰীয়ে জালুকবাৰী সমষ্টিৰ পৰা তালিকা খোজাত জালুকবাৰী সমষ্টিত ৩০জনৰ তালিকা দিছিলোঁ বুলিও তেওঁ ভাষণত কয়।তাৎপৰ্যপূৰ্ণ কথা এই যে সেইসময়ত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল অসমত কিন্তু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল কংগ্ৰেছত।গতিকে কংগ্রেছত থাকিও অগপৰে সেইসময়ত শৰ্মাৰ যে এক বুজা বুজি আছিল সেই কথা আজি নিজেই স্বীকাৰ কৰিছে।
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত অসম চৰকাৰৰ ১১,২৩৬গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰি সাংবাদিকৰ ওপৰতো ক্ষুণ্ণ হৈ পৰে।শেহতীয়া ভাৱে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত বেমেজালি সৃষ্টি হোৱা অভিযোগ প্ৰসংগত সাংবাদিকে বাতৰি কৰা বাবে পুনৰ নীতি শিক্ষা দিবলৈও নাপাহৰিলে মুখ্যমন্ত্ৰীয়ে।আগন্তুক ২৬ হাজাৰ নিযুক্তিত এজনেও কাৰোবাৰ পৰা চাকৰি পোৱা বুলি কলেই, চৰকাৰ আমি এৰি দিম বুলি আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে অসম আৰক্ষীৰ মূল বাণী 'জন হিত জন হিতাৰ্থে' আৰক্ষীৰ ডাঙৰ ডাঙৰ বিষয়াই পাহৰি যায় বুলি উল্লেখ কৰি নৱনিযুক্ত আৰক্ষীসকল দুখীয়া-দৰিদ্ৰৰ বন্ধু হবলৈ আহ্বান জনায় শৰ্মাই।
কম নম্বৰৰ বাবে এইবাৰ নিযুক্তি লাভ নকৰা সকলক উদ্দেশ্য কৰি তেওঁ কয়- ৰাতিপুৱা ৩বজাৰ পৰা দৌৰি থকা কামটো এৰি নিদিব।শীঘ্ৰে প্ৰায় ১০হাজাৰ ফৰেষ্ট বেটেলিয়নৰ পদ মুকলি হ'ব।
- Log in to post comments
- 11 views