
নিউজ ডেস্ক:
'ইছ্যু সৃষ্টি কৰিবৰ বাবেই চৰকাৰে PFI প্ৰসংগ উত্থাপন কৰিছে।চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ বাবে ৰাইজক ইছ্্যু সৃষ্টি কৰি ব্যস্ত কৰিছে' - এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ।AIUDFৰ বিধায়ক গৰাকীয়ে চৰকাৰে PFI নেতাক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত কয় মুছলমান সমাজক দমন কৰিব বাবে এই কাম কৰিছে।PFI সমাজৰ হকে কাম কৰি আছে।চৰকাৰী কামকাজত বাধা আৰু দেশ বিৰোধী কাম কাজ কৰা ধাৰা লগাইছে কিন্তু তেনে কাম PFI য়ে কৰা নাই।AIUDFয়ে কোনো সংগঠনক সুৰক্ষা দিয়াৰ কাম নকৰে।কিন্তু কোনো এটা সম্প্ৰদায়ক দমন কৰিলে মানি লোৱা নহব।PFI কোনো অস্ত্ৰ লৈ প্ৰশিক্ষণ দি থকা নাই।অসমত মুকলিকৈ একাংশই অস্ত্ৰ প্ৰশিক্ষণ দি আছে, তেওঁলোকক কিয় NIA ই গ্ৰেপ্তাৰ কৰা নাই বুলিও প্ৰশ্ন কৰে মানকাচৰৰ বিধায়ক গৰাকীয়ে।
আনহাতে অসমত RSS এ মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ দি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে ,NIAই কিয় সেইসকল লোকক গ্ৰেপ্তাৰ কৰা নাই।কেৱল ইছলাম ধৰ্মৰ লোকক টাৰ্গেট কৰিছে চৰকাৰে।
ইফালে AIUDFৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ ফাৰচাদ আলীক গ্ৰেপ্তাৰ কৰাক লৈ ইছলামে কয়-তেওঁ ৭ বছৰ আগতেই PFI হৈ কাম কৰিছিল।কিন্তু বিগত সময়ত তেওঁ AIUDFৰ হৈ কাম কৰিছে।PFI আজিৰ দিনটোত এটা লিগেল সংগঠন।যদি তেওঁলোক দুখী হয় আইনে ব্যৱস্থা লব।
- Log in to post comments
- 8 views