গুৱাহাটী ক্লাবত আজিৰে পৰা চাৰিদিনীয়াকৈ 'শৰৎ সমগ্ৰ গ্ৰন্থ উৎসৱ'

A

নিউজ ডেস্ক:
পাঠক সমাজৰ বাবে ভাল খবৰ।মহানগৰীত আজিৰে পৰা আৰম্ভ 'শৰৎ সমগ্ৰ গ্ৰন্থ উৎসৱ"।প্রথমবাৰৰ বাবে ইনষ্টিটিউট অৱ মিডিয়া এণ্ড ডেভেলপমেন্ট ষ্টাডিজ আৰু গুৱাহাটী ৰিডাৰ্চ ফৰামৰ উদ্যোগত ৪দিনীয়া কাৰ্যসূচীৰে আৰম্ভ গ্ৰন্থমেলাখন।মহানগৰীৰ গুৱাহাটী ক্লাবৰ নিউ আৰ্ট প্লেয়াৰ্চ বিল্ডিঙত অনুষ্ঠিত গ্ৰন্থমেলাখনৰ আজি  শুভ উদ্বোধন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষী বিষয়া আবু ছফিয়ান, সাংবাদিক অদীপ কুমাৰ ফুকন প্ৰমুখ্যে  বহু গণ্য মান্য ব্যক্তি।২৫ছেপ্টেম্বৰত সামৰণি পৰিব গ্ৰন্থমেলা ৷ ইতিমধ্যে গ্ৰন্হমেলালৈ 
আহিছে বহুকেইখন কিতাপৰ বিপনী।গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান।ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ’ব বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা।

Your Comments