চিত্ৰশিল্পী নীলপৱন বৰুৱা GMCHৰ আই চি ইউত ভৰ্তি

A

নিউজ ডেস্ক:

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ গুৰুতৰভাৱে অসুস্থ।গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইচিইউত  চিকিৎসাধীন শিল্পী গৰাকী।বুধবাৰে নিশা ভৰ্তি কৰা হৈছে শিল্পী গৰাকীক।উল্লেখ্য যে বিগত প্ৰায় ১০দিন ধৰি জ্বৰত আক্রান্ত হৈ আছিল বৰুৱা।শেহতীয়া কৈ খোৱা-লোৱাত অসুবিধা পোৱাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।ইফালে শিল্পী গৰাকীৰ চিকিৎসা মেডিকেল কলেজ হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসকৰ এটা দলে চলাই আছে।

Your Comments