আহিব উপ-ৰাষ্ট্ৰপতি, কাইলৈ গুৱাহাটীৰ এইকেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা

A

 

B

নিউজ ডেস্ক:

দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ বহুকেইটা ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।এই সন্দৰ্ভত মহানগৰ আৰক্ষী যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে বুধবাৰে পাণবজাৰস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত কয় যে উপ-ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে ২২ছেপ্টেম্বৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
আনহাতে, ২২ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ৩.৩০ বজালৈ মহানগৰীৰ এম জি ৰোড, ডি জি ৰোড, এ টি ৰোড, কে এল বি ৰোড, তৈয়বুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত সৰু, মজলীয়া আৰু গধুৰ সকলো ধৰণৰ বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
উপ-ৰাষ্ট্ৰপতি গৰাকী প্ৰথমবাৰ গুৱাহাটীলৈ আহিব।এই ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে ।উল্লেখ্য যে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা লোকমন্থন অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে।

Your Comments