হয় জনজাতিকৰণ নহয় চুকাফা বৰ অসম সামৰি আহোমলেণ্ড দিয়ক- টাইপা

A

নিউজ ডেস্ক:

'জনজাতিকৰণৰ কথা শুনিলে আমাৰ লাজ লাগে, কাৰন ৩০ বছৰীয়া সংগ্ৰাম।জনজাতিকৰণৰ নামত প্ৰতিখন চৰকাৰে ফুটবলৰ দৰে ছয় জনগোষ্ঠীক খেলি আছে।বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৮বছৰে কাৰ্যকৰী নকৰিলে"- এই মন্তব্য টাই আহোম উন্নয়ন পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ।অসমৰ অদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ প্ৰতিবেদন প্ৰেৰণ কৰা নাই কেন্দ্ৰলৈ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৰ্বকালৰ মিছলীয়া।বিজেপি চৰকাৰক নিৰ্বাচনত পৰাস্ত নকৰিলে ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰিয়েই থাকিব।আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব লাগিব- টাইপা নেতৃত্বই এইদৰে  কয়।

আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে চুকাফাৰ বৰ অসম সামৰি আহোমলেণ্ড লাগিব বুলিও সংগঠনটোৱে কয়।দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদমেলত সংগঠনটোৱে আজি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে বিগত বৰ্ষৰ লাচিত বঁটা।লাচিত দিৱসৰ দিনাখনেই জ্যোতি চিত্ৰবনত সংগঠনটোৱে প্ৰদান কৰিব এই বঁটা।প্ৰাক্তন আৰ্মী বিষয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন লেফটেনেণ্ট জেনেৰেল কনক কুমাৰ ভৰালীক এই লাচিত বঁটা প্ৰদান কৰিব।অহা ২৪নৱেম্বৰত সংগঠন টোৱে প্ৰদান কৰিব এই বঁটা।

Your Comments