
নিউজ ডেস্ক:
ৰাজ্যৰ বৰ্ধিত বিদ্যুৎ মাচুল প্ৰসংগক লৈ অৱশেষত মুখ খুলিলে এপিডিচিএলে।এপিডিচিএলৰ বিষয়াৰো বৃদ্ধি পাইছে ১০গুণ বিল।বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে মূলতে দায়ী গৰমত অত্যাধিক ফেন, এচি ব্যৱহাৰ কৰা।এচি চলালে বৃদ্ধি হয় অত্যাধিক বিল-এই মন্তব্য APDCLৰ গ্ৰাহক সম্পৰ্ক কোষৰ উপদেষ্টা অভিজিৎ শৰ্মা বৰুৱাৰ।
বিদ্যুৎ মাচুল বৃদ্ধি অত্যাধিক শক্তি খৰচ কৰাৰ বাবেই হৈছে।ফুৱেল প্ৰাইচত ৩০পইচা বৃদ্ধি পাইছে ছেপ্টেম্বৰৰ পৰা।বিল বৃদ্ধিৰ সৈতে স্মাৰ্ট মিটাৰৰ সম্পৰ্ক নাই।কিন্তু স্মাৰ্ট মিটাৰত ভুল নহয় বুলি অস্বীকাৰ কৰিব নোৱাৰি- বৰুৱাই কয়।
উল্লেখ্য যে কিছুমান ঘৰত ৪/৫ লাখ টকা বিল অহাটো ভুল হৈছে।কম্পিউটাৰ বা ৰিডিঙৰ ভুলৰ বাবে হ'ব পাৰে এইধৰণৰ ঘটনা বুলি তেওঁ লগতে কয়।ইফালে মিটাৰ ভুল পৰ্যৱেক্ষনৰ ক্ষেত্ৰত ইতিমধ্যে GM,CGM পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিছে।
পূৰ্বৰ পৰাই বিসংগতি হৈ আহিছিল কিন্তু এইবাৰ বেছি হৈ গ'ল বাবেই ৰাইজে বুজি পালে।প্ৰায় ২০০ স্মাৰ্ট মিটাৰৰ অভিযোগ আহিছে বর্তমানলৈ।অস্বাভাৱিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত তদন্ত হ'ব।ইয়াৰ বাবে হেল্প লাইন নম্বৰ মুকলি কৰিছে APDCLয়ে।
- Log in to post comments
- 9 views