বিজেপি প্ৰাৰ্থী হলেহে LMCHত চাকৰি পাব!- ধৰ্মকান্ত গগৈ

A

নিউজ ডেস্ক:

লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী প্ৰসংগত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল।LMCH ৰ কেলেংকাৰী প্ৰসংগৰ পৰা অসম আৰক্ষী আতঁৰি থাকিব বিচাৰিছে।ইয়াত চূড়ান্ত বিসংগতি হৈছে ৷শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে।দম্ভালি মাৰি থাকিলে নহ'ব ,অভিযোগৰ সত্যাসত্য বিচাৰ কৰাৰ দায়িত্ব আৰক্ষী, চৰকাৰৰ- এই দাবী সভাপতি ধৰ্মকান্ত গগৈৰ।LMCH ত চাকৰি পাবলৈ হ'লে প্ৰাৰ্থীজন বিজেপি দলৰ হ'বই লাগিব।ফলাফলক লৈ পৰীক্ষাৰ্থীৰ মাজত সন্দেহ সৃষ্টিৰ বাবে দায়ী অধীক্ষক জন।অতি শীঘ্ৰে অধীক্ষকজনক নিলম্বন কৰিব লাগে- সংবাদমেলত কয়। 

উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত লখিমপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল সংগঠনটোৱে।গোচৰৰ ভিত্তিত অভিযোগৰ তদন্ত হ'ব লাগে।উকা OMR চীট জমা দিছে বুলি অভিযোগ তোলা আমিনুল হকক সোধা পোছা কৰিব লাগে- গগৈয়ে কয়।

আনহাতে যদি মানৱ ডেকাৰ নামত ভুৱা প্ৰচাৰ চলিছে সেয়া আভ্যন্তৰীণ কন্দলৰ বাবে দলৰ ভিতৰৰ পৰাই চলিছে।মানৱ ডেকাৰ বিৰুদ্ধে অভিযোগ তোলা কেই জনকো সোধা পোছা কৰি তদন্ত কৰক।বিজেপিৰ লখিমপুৰ জিলাৰ সভাপতিৰ নেতৃত্বত এটা দলে মুখ্যমন্ত্ৰীক বিজেপিৰ কেইবাজনো কৰ্মীক চাকৰি দিব লাগে বুলি পত্ৰ দিছিল।এই ব্যক্তি কেইজনৰ বিৰুদ্ধে তদন্ত হোৱাটো প্ৰয়োজন।পৰীক্ষাটোত যে চূড়ান্ত বিসংগতি হৈছে সেইটো নিশ্চিত।

Your Comments