পুলিচক পুলিচগিৰি কৰিবলৈ সুবিধা দিছে চৰকাৰে- হাফিজ ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:
পুলিচক পুলিচগিৰি কৰিবলৈ বেছি সুবিধা দিয়া হৈছে আৰক্ষীৰ দায়বদ্ধতা আইন সংশোধনী কৰি-এই ভাষ্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।চৰকাৰৰ সুবিধা মতে আইন বনাই ললে।বৰ্তমান ভুৱা এনকাউণ্টাৰ চলি আছে।আৰক্ষীয়ে আৰক্ষীৰ বিৰুদ্ধে যাব নেকি?- প্রশ্ন এআইইউডিএফৰ বিধায়ক জনৰ।

'মুখ্যমন্ত্ৰীয়ে কৈছে আৰক্ষীক দায়বদ্ধতা ৰখাৰ বাবে এই আইন ,কিন্ত সেইটো নহয়।জনতাই পুলিছগিৰি দেখিব এতিয়া"- ইছলামে কয়।

আনহাতে অগপক সমালোচনা কৰি কয় যে- অগপ দলৰ নাম সলনি কৰি বিজেপি কৰি দিয়ক।আঞ্চলিক দল হিচাপে অগপ থকাৰ অৰ্থ নাই ,এআইইউডিএফ আছে অসমৰ ৰাইজৰ বাবে।অসম চুক্তিৰ ৰূপায়ণ বিভাগত এতিয়াৰ অগপৰ মন্ত্ৰী বিধায়কেই অংশ লৈছে।আছুত থাকোতে তেওঁলোকেই অসম চুক্তিৰ বাবে আন্দোলন কৰিলে।কিন্তু আজি অসম চুক্তিৰ ছয় নম্বৰ দফা কমিটিৰ প্ৰতিবেদন ক’ত আছে নাজানে মন্ত্ৰী অতুল বৰাই।মন্ত্ৰী বৰা অকৰ্মন্য, অযোগ্য আৰু নিৰ্লজ্জ মন্ত্ৰী।অতুল বৰাই নাগপুৰৰ ওচৰত শৰণাপন্ন হ’ল।

ইফালে অসমীয়া ভাষা এতিয়া সংখ্যা লঘু লোকে বচাব লাগিব।মিছিং, বড়ো সকলোকে ভাষা ভাগ কৰি দিলে। অসমীয়া ভাষাক আঞ্চলিক ভাষা হিচাপে ৰাখিবলৈ ষড়যন্ত্ৰ কৰিছে চৰকাৰে- ইছলামে কয়।

Your Comments