অসম তৃণমূল কংগ্ৰেছৰ ৬ তদৰ্থ জিলা সভাপতি নিযুক্তি

A

নিউজ ডেস্ক:

তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ অনুমোদন মৰ্মে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ছয়খন জিলাৰ তদৰ্থ জিলা সভাপতিক নিযুক্তি প্ৰদান কৰিছে। ওদালগুৰি, যোৰহাট, বিশ্বনাথ, দৰং, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বাবে ক্ৰমে ৰবাৰ্ট নাৰ্জাৰী, সত্যেন্দ্ৰ কুমাৰ কটকী, জিতেন বাঢ়ৈ, হৰেকৃষ্ণ ডেকা, জিবুল গগৈ আৰু হিৰণময় গগৈক তদৰ্থ জিলা সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা বুলি অসম তৃণমূল কংগ্ৰেছ দলে এক বিবৃতিযোগে জানিবলৈ দিছে।

Your Comments