অসমীয়া মাধ্যম বিতৰ্কত উত্তাল বিধানসভাৰ অধিৱেশন

A

নিউজ ডেস্ক:

অসমীয়া মাধ্যম বিতৰ্কক লৈ উত্তাল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন।চৰকাৰে তৃতীয়ৰ পৰা দশম শ্রেণীলৈ বিদ্যালয়ত বিজ্ঞান-গণিত ইংৰাজীত পাঠদান কৰা সিদ্ধান্তৰ বিৰূদ্ধে উত্তাল হৈ পৰে বিধানসভা ৷

কাৰ্বি, বড়ো, ৰাভা সকলোৱে যদি মাতৃভাষা হয় তেন্তে অসমীয়া কোন?অসম বিধানসভাত অসমীয়া ভাষাৰ এই অৱস্থা হলে কি হ'ব।আঞ্চলিক ভাষা বুলি অসমীয়া কলে তেন্তে অসমীয়া কোন?-প্ৰশ্ন বিধায়ক আমিনুল ইছলামৰ।অসম বিধানসভাত যদি অসমীয়া ভাষাক আঞ্চলিক ভাষা মৰ্যদা দি মাতৃভাষা মৰ্যদা দিয়া নহয় তেন্তে অসমীয়া ভাষা ক’ত থাকিব- তেওঁ লগতে কয়।

আনহাতে অসমীয়া মাধ্যমত ল’ৰা ছোৱালী নপঢ়ায় বুলি চৰকাৰে জনতাক বিপথে পৰিচালিত কৰিব বিচাৰিছে। মোৰ একমাত্ৰ ল’ৰাক অসমীয়া মাধ্যমত পঢ়াইছিলোঁ।ইংৰাজী মাধ্যমত পঢ়োৱা নাই।বহুত দেশ ঔপনিবেশিক ধ্যান ধাৰণাৰ পৰা মুক্ত হৈছে কিন্তু আমাৰ দেশ আজিও মুক্ত হোৱা নাই।শিক্ষা বিভাগে মাহৰ পিছত মাহ ধৰি কলেজৰ শিক্ষকক নিযুক্তি দিব পৰা নাই- সদনত ক্ষোভ উজাৰি এইদৰে কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে।

"চৰকাৰে নাচিব নাজানি চোতালখন বেঁকা বুলি কৈছে।উপযুক্ত শিক্ষক নিযুক্তি-প্ৰশিক্ষণত ব্যৰ্থ এই চৰকাৰ।ইউলিয়াম ৰবিন্সনৰ ভূমিকাত অৱৰ্তীন হৈছে অসমৰ শিক্ষামন্ত্ৰী- অভিযোগ অখিল গগৈৰ।

Your Comments