শ্ৰদ্ধাঞ্জলী কাননত নিহাল’ৰ গীত মুকলি

A

নিউজ ডেস্ক:

 ‘দ্য ফেচ্‌’, ‘বহ্নিমান’ আদিৰ দৰে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ উপহাৰ দিয়া প্ৰযোজনা গোষ্ঠী ‘সন্তোষী মা প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত কেবাটাও অসমীয়া গীত দেওবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আনুষ্ঠানিকভাবে মুকলি কৰা হয়৷ ‘সন্তোষী মা প্ৰডাকচন’ৰ হৈ বৰ্ণালী হাজৰিকা আৰু ৰিমি হাজৰিকাই প্ৰযোজনা কৰা ‘আকৌ এবাৰ’, ‘ঠিকনা’, ‘জয় দূৰ্গা মা’ আৰু দুচকু শীৰ্ষক গীতকেইটিত কণ্ঠ নিগৰাইছে নিহাল দাস আৰু সহঃশিল্পী পাপৰি গগৈয়ে ৷ গীতকেইটিৰ সংগীত পৰিচালনা কৰিছে কুলদ্বীপ সুমন, ধ্ৰুৱ ঠাকুৰীয়া আৰু ঋষি বৰুৱাই৷  গীতিকাৰ– সীমান্ত দেৱ চৌধুৰী আৰু ঋষি বৰুৱা৷ মিক্স এণ্ড মাষ্টাৰিং কৰিছে ধ্ৰুৱ ঠাকুৰীয়াই৷ ইপিনে, ‘আকৌ এবাৰ’ আৰু ‘ঠিকনা’ শীৰ্ষক গীতদুটিৰ দৃশ্য-শ্ৰব্য হিচাপেও মুকলি কৰা হয়৷ উদয় শংকৰ আৰু হিমানীল কাশ্যপে নৃত্য পৰিচালনা কৰা গীতদুটিত অভিনয় কৰিছে ক্ৰমে– ৰিমি হাজৰিকা, গুঞ্জন ভৰদ্বাজ, নিহাল দাস, অলিস্মিতা গোস্বামী আৰু জয়শ্ৰী বৰ্মনে৷ উল্লেখ্য যে, দেওবাৰে শ্ৰদ্ধাঞ্জলি কাননত এক আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা  গীত মুকলি অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ শিল্পী খগেন গগৈ, শান্তা উজীৰ ভগৱত প্ৰীতম, ভাৰ্গৱ কাকতি, নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী পদ্মনাভ বৰদলৈ, মধুস্মিতা ভটাচাৰ্য, ভৃগু কাশ্যপৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি৷

Your Comments