
নিউজ ডেস্ক:
যোগ্য প্ৰাৰ্থীৰ অভাৱত অসম আৰক্ষীত খালী হৈ থাকিল ৬২টা পদ।কামাণ্ডো বেটেলিয়নৰ উপ-পৰিদৰ্শক পদৰ খালী হৈ থাকিল ৪২টা পদ, কামাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদত ৮টাকৈ পদ খালী হৈ থাকিল।আজি ঘোষণা কৰা ফলাফলৰ পিছতেই এই কথা জনাইছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।উল্লেখ্য যে অসম আৰক্ষীৰ বিভিন্ন পদত মুঠ ৫২৬২টা পদৰ ফলাফল আজি ঘোষণা কৰিছিল।সৰ্বমুঠ ৫২০০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয় পদসমূহত।অহা ২২ ছেপ্টেম্বৰত অসম আৰক্ষীৰ আজি ঘোষণা কৰা পদসমূহৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- Log in to post comments
- 6 views