
নিউজ ডেস্ক:
মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাসৰ প্ৰসংগত সবিশেষ নাজানে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।আৰক্ষীয়ে দাসৰ ওপৰত আৰোপ কৰা ধাৰা প্ৰসংগও জ্ঞাত নহয় সঞ্চালক প্ৰধান গৰাকীয়ে।মহানগৰ আৰক্ষীলৈ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ সবিশেষ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে।তাৎপৰ্যপূৰ্ণ কথা এই যে অসম চৰকাৰৰ চাকৰি প্ৰক্রিয়াত দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল দাস।৭টাকৈ দিন আৰক্ষীৰ জিম্মাত থকাৰ পিছত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তী জামিন মঞ্জুৰ কৰে দাসৰ।
- Log in to post comments
- 10 views