দূর্গা পূজাক লৈ গুৱাহাটী মহানগৰীত প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

A

নিউজ ডেস্ক:

শাৰদীয় দূর্গাপূজাক লৈ গুৱাহাটী মহানগৰীত প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।পূজা কমিটিসমূহলৈ জাৰি কৰিছে নিৰ্দেশনা।পূজা সমিতিসমূহে ৰাজপথৰ ওপৰত সাজিব নোৱাৰিব পেণ্ডেল।বিদ্যুৎ সংযোগৰ বাবে প্ৰতিখন পূজা মণ্ডপে অনুমতি ল'ব লাগিব এপিডিচিএলৰ।

আনহাতে জৰুৰীকালীন পৰিস্থিতিৰে মুখামুখি হ’বলৈ পূজা কমিটিসমূহে যাৱতীয় ব্যৱস্থা হাতত লব লাগিব।পানী-বালি জুই নিৰ্বাপনৰ বাবে মজুত ৰাখিব লাগিব কমিটিসমূহে।অগ্নিনিৰ্বাপক বাহিনীৰ হেল্প লাইন নম্বৰো আঁৰি থব লাগিব মণ্ডপৰ সন্মুখত।

একেদৰে নিৰাপত্তাজনিত কাৰণত প্ৰতি পূজা মণ্ডপৰ সন্মুখত আৰক্ষীৰ হেল্পলাইন নম্বৰ আঁৰি ৰাখিব লাগিব।থাকিব লাগিব হেল্পডেক্স।নিয়োজিত কৰা স্বেচ্ছাসেৱক সকলৰ পৰিচয় পত্ৰ থাকিব লাগিব।পূজা মণ্ডপসমূহত পূজা-অৰ্চনা পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক কৰিব লাগিব কমিটিসমূহে।

আনহাতে দুৰ্ঘটনাজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বাইক চালক-আৰোহীৰ হেলমেট পৰিধান বাধ্যতামূলক কৰিছে।

Your Comments