অস্বাভাৱিক বিদ্যুত মাচুল বৃদ্ধিৰে ৰাইজক টেটুচেপা দিয়াটো অগণতান্ত্ৰিক, অমানৱীয়: ৰিপুণ বৰা

A

নিউজ ডেস্ক:


শেহতীয়াকৈ বিদ্যুত মাচুলৰ অস্বাভাৱিক বৃদ্ধিৰে অসমৰ জনতাক হাৰাশাস্তি কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।ইতিমধ্যে মূল্যবৃদ্ধিত বিপৰ্যস্ত  জনতাক মাধমাৰ শোধাই বিদ্যুত মাচুল বৃদ্ধি কৰাটো অগণতান্ত্ৰিক আৰু অমানৱীয় বুলি অভিহিত কৰিছে সভাপতি ৰিপুণ বৰাই।বৰাই লগতে এই ক্ষেত্ৰত শেহতীয়াকৈ বিদ্যুত বিভাগে গ্ৰাহকৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপনৰ পাছতে বিদ্যুত বিল বৃদ্ধি পোৱা বুলি অভিযোগ কৰে।

'বিভিন্ন সামগ্ৰীৰ উৰ্ধগামী মূল্যবৃদ্ধিত ইতিমধ্যে বিপৰ্যস্ত জনতাক গেলাতে টেঙা দি শেহতীয়াকৈ অস্বাভাৱিক হাৰত বৰ্ধিত বিদ্যুত মাচুলেৰে হাৰাশাস্তি কৰা হৈছে। পূৰ্বে কোনো জাননী নিদিয়াকৈ এইদৰে তিনি চাৰিগুণ পৰ্যন্ত মাচুল বৃদ্ধি কৰাটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু অমানৱীয়। চৰকাৰে প্ৰতি ইউনিটত ৩০ পইচাকৈ বাঢ়িব বুলি কৈছিল। কিন্তু দেখা গৈছে যে পূৰ্বতকৈ এটি মিটাৰৰ বিপৰীতে কেইবাগুণো বিল বৃদ্ধি পাইছে,' বৰাৰ মন্তব্য।অসম তৃণমূলৰ সভাপতিগৰাকীয়ে বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰ কৰি জনসাধাৰণক সকাহ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

Your Comments