নিউজ ডেস্ক:
ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব লগা টি-২০ ক্ৰিকেটৰ টিকট প্ৰথম দিনাখন ১৫হাজাৰ বিক্ৰী।অসম ক্ৰিকেট সন্থাই প্ৰথমদিনা ১৫হাজাৰ টিকট মুকলি কৰি দিছিল।দিনৰ ১১বজাৰ পৰা অনলাইনত বিক্ৰী মুকলি কৰিছিল অসম ক্ৰিকেট সন্থাই।মুকলিৰ পিছতেই ক্ৰিকেট অনুৰাগীয়ে বুক কৰে টিকট।আনহাতে ২৫ছেপ্টেম্বৰত পুনৰ দ্বিতীয় ফেজৰ টিকট মুকলি কৰি দিব বুলি জনাই অসম ক্ৰিকেট সন্থাই।তাৎপৰ্যপূৰ্ণ কথা এই যে, ১৫০০টকাৰ পৰা সৰ্বাধিক ৬০০০টকালৈ উপলব্ধ টিকট।তাৰ মাজতেই ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই মূল্যত উপলব্ধ টিকট।ছাত্ৰ-ছাত্ৰীৰ বাবে ৪৭৫টকাত উপলব্ধ টিকট।
- Log in to post comments
- 7 views