
নিউজ ডেস্ক:
ৰাজ্যত বিদ্যুৎ বিলৰ অস্বাভাৱিক বৃদ্ধিৰ ঘটনাই বিপাঙত পেলাইছে জনতাক।বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থদিনা বিদ্যুৎ বিল হঠাৎ বৃদ্ধিৰ বিষয়টোক লৈ উত্তাল হৈ পৰে।বিৰোধীয়ে সদনৰ মজিয়াত বিভাগীয় মন্ত্ৰীৰ পৰা বিদ্যুৎ বিল বৃদ্ধি প্ৰসংগত প্ৰতিবেদনৰ দাবী কৰে।
বিৰোধী কংগ্রেছৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্লে কাৰ্ড প্ৰদৰ্শন কৰি বিষয়টোত সৰৱ হৈ পৰে।আনহাতে বিধানসভাৰ অধ্যক্ষই বিদ্যুৎ বিল বৃদ্ধি হোৱাত বিভাগে জনাই আহিছে বুলিও বিৰোধীৰ দাবীক নস্যাৎ কৰাৰ চেষ্টা কৰে।অধ্যক্ষই প্ৰসংগটো লুকুৱাই ৰাখিবলৈ বিচাৰিলেও বিৰোধীয়ে উত্তাল কৰি তোলে।
আনহাতে শক্তি মন্ত্ৰী নন্দিতা গাৰলোছাই বিদ্যুতৰ বিল বৃদ্ধি পোৱা বিষয়টো অৱগত নহয় বুলি সংবাদ মাধ্যমত দায় সৰা মন্তব্য প্রকাশ কৰে।বিষয়টোক লৈ বিভাগৰ সৈতে আলোচনা কৰিব বুলিও আশ্বাস প্ৰদান কৰে।
ইফালে বিদ্যুৎ বিল বৃদ্ধিৰ প্ৰসংগত যুক্তি প্ৰদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়-চৰকাৰী চাকৰিয়ালৰ মাহে ৩০০-৪০০টকা বাঢ়ে গতিকে বিদ্যুৎ বিলো বাঢ়িছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে শেহতীয়া ভাৱে ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ বিল।ইতিমধ্যে সামাজিক মাধ্যমত বিষয়টোক লৈ সৰৱ চৰ্চা অব্যাহত আছে।
- Log in to post comments
- 6 views