
নিউজ ডেস্ক:
"মোৰ কথা ভিত্তিহীন নহয়।ভিত্তিহীন হ'বই নোৱাৰে।মই ভাগৰা নাই আৰু নাভাগৰো"- এই মন্তব্য ভিক্টৰ দাসৰ।পলিটিক্স নকৰিবা বন্ধু।ছাত্ৰ-ছাত্ৰীৰ লগত সদায় আছো আৰু থাকিম- গুৱাহাটী পানবজাৰ আৰক্ষী থানাৰ চৌহদত আজি এই বিস্ফোৰক মন্তব্য ভিক্টৰ দাসৰ।চাকৰিৰ কেলেংকাৰীৰ অভিযোগ দাখিল কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস।আৰক্ষী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভিক্টৰ দাসৰ তথ্যক ভিত্তিহীন বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰি আহিছে।মুখ্যমন্ত্ৰী আৰু তদন্তকাৰী আৰক্ষীয়ে প্ৰকাশ কৰি অহা মন্তব্যৰ প্ৰসংগত ভিক্টৰে কয়-মোৰ তথ্য ভিত্তিহীন নহয় আৰু হ’বই নোৱাৰে।ছাত্ৰ-ছাত্ৰীয়ে ভয় খাব নালাগে।মই ভাগৰা নাই আৰু নাভাগৰো।
আনহাতে আৰক্ষী জিম্মাৰ পৰা সংবাদ মাধ্যমৰ আগত ভিক্টৰে কয়- "পলিটিক্স নকৰিবা বন্ধু"।গুৰুত্বপূৰ্ণ কথা অসম চৰকাৰৰ তৃতীয়-চতুৰ্থবৰ্গৰ ২৬হাজাৰ পদৰ বাবে ৩-৭লাখ টকাৰ লেন-দেন হৈছে।এই প্ৰক্ৰিয়াত প্ৰাক্তন বিধায়ক জড়িত থকা বুলি অসম আৰক্ষীক অভিযোগ দিছিল ভিক্টৰে।কিন্তু ৰহস্যজনক ভাৱে অসম আৰক্ষী তথা চৰকাৰে ভিক্টৰ দাসৰ অভিযোগ তদন্ত নকৰি মিছা অভিযোগ দিয়া বুলি অভিযোগকাৰীকে গ্ৰেপ্তাৰ কৰে।
- Log in to post comments
- 11 views