অধ্যক্ষ মহোদয়ে আমি কথা কলে দপ-দপাই উঠে আৰু শাসক পক্ষই কলে একো নকয়, কেনে নীতি?- অখিল

A

নিউজ ডেস্ক:

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিনা সদনৰ পৰা নিলম্বিত হ'ল বিধায়ক অখিল গগৈ।অধ্যক্ষই মাৰ্চেল লগাই সদনৰ পৰা উলিয়ালে বিধায়ক গগৈক।উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ শিক্ষা বিভাগৰ প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক গগৈয়ে।সদনৰ নিয়ম অমান্য কৰি প্ৰশ্ন উত্থাপন কৰা বাবেই অধ্যক্ষই নিলম্বন কৰে গগৈক।

গগৈক নিলম্বন কৰি কয়- এইখন সদন হয়, আন্দোলন স্থলী নহয়।আন্দোলনৰ নেতাৰ দৰে কথা নকব।এজন বিধায়ক হিচাপে কথা ক'ব।
ইফালে পৰৱৰ্তী সময়ত সদনত পুনৰ উপস্থিত হৈ গগৈয়ে  অধ্যক্ষক উভতি ধৰে।অধ্যক্ষৰ পক্ষপাতমূলক ভূমিকা লোৱাৰ  গুৰুতৰ  অভিযোগ উথ্থাপন কৰে অখিলে ৷"অধ্যক্ষ মহোদয় কেনে নীতিত আপুনি সদন  চলাইছে!আমি কথা কলে দপ-দপাই উঠে কিন্তু শাসক পক্ষই কলে ব্যৱস্থা নলয়, ইমান পক্ষপাতমূলক ভূমিকা নলব"- গগৈয়ে অধ্যক্ষক উদ্দেশ্য কৰি এইদৰে কয়।

Your Comments