
নিউজ ডেস্ক:
কংগ্রেছত থাকি নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰি ভালদৰে বুজিলে কা' আইনৰ কথা।কংগ্রেছ দলত থাকি পঢ়িবলৈ সময় নোপোৱা মৰিয়নিৰ বিধায়কজনে বিজেপিলৈ গৈ ভালদৰে পঢ়িছে কা' আইন"- আজি এই কথা বিধানসভাৰ বাহিৰত স্বীকাৰ কৰিছে মৰিয়নি বিধায়ক কুৰ্মীয়ে।কংগ্রেছত থাকোঁতে কা' আইন পঢ়াই নাছিলোঁ।কংগ্ৰেছৰ নেতাসকলে কৈছিল কা' বিৰোধিতা কৰিছিলো।বিদেশী আহিব বুলি আমাক বুজাইছিল কব দিছিল আৰু কৈছিলোঁ।কিন্তু বিজেপিলৈ গৈ ভালদৰে পঢ়ি বুজিছো বিদেশীক ৰঙা দলিছা পাৰি দিয়া আইন নহয় কা'।কা'ক লৈ একাংশই সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে।কা' বেয়া নহয়, আমাৰেই হিন্দু ভাইসকলক সুৰক্ষা দিব আইনখনে- কুৰ্মীয়ে কয়।
ইফালে কা' খন ভালদৰে পঢ়ি তেওঁ কা'ৰ বিৰুদ্ধে তৰা গোচৰ উঠাই লোৱাৰ কথাও জানিব দিয়ে।তাৎপৰ্যপূৰ্ণ যে মন্ত্ৰী অজন্তা নেওগেও কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল গোচৰ।
- Log in to post comments
- 6 views