অখিল-পীযুষ-পবিত্ৰ একেটা ফ্ৰেমত অসম বিধানসভাত

A

নিউজ ডেস্ক:
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে এখন বিশেষ ফটোৱে লাভ কৰিছে ব্যাপক চৰ্চা।বিভিন্ন মাধ্যমত ফটোখনক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে চৰ্চা ৷ প্ৰথম অধিৱেশনৰ শেষত শিৱসাগৰৰ বিধায়ক অখিল গগৈ, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক দেখা গৈছে এখন ফটোত।
ইতিমধ্যে সামাজিক মাধ্যমত ফটোখন ভাইৰেল হোৱা পিছতে ব্যাপক চৰ্চা লাভ কৰিছে ফটোখনে।বিশেষকৈ অখিল-পীযুষ হাজৰিকাৰ মাজত ৰাজনৈতিক ক্ষেত্ৰত  ব্যাপক বাকযুদ্ধ সময়ে সময়ে ৰাইজে প্ৰত্যক্ষ কৰিছে।তাৰ মাজতে একেলগে হাঁহি হাঁহি উঠা ফটোখনে লাভ কৰিছে এতিয়া চৰ্চা।

Your Comments