অসম চৰকাৰৰ ২৬হাজাৰ নিযুক্তিত ধনৰ লেন-দেনৰ অভিযোগ দিয়া ভিক্টৰ দাসক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

অসম চৰকাৰৰ ২৬হাজাৰ নিযুক্তি পৰীক্ষাত ধনৰ লেন দেন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস।টুইটযোগে ৩-৭লাখ টকাত দৰ-দাম হোৱাৰ কথা উল্লেখ কৰিছিল।লগতে সমগ্ৰ প্ৰক্ৰিয়াত এগৰাকী প্ৰাক্তন বিধায়ক জড়িত থকা বুলি ভিক্টৰে টুইটৰ যোগে আৰক্ষীক অৱগত কৰিছিল।কিন্তু ৰহস্যজনক ভাৱে ভিক্টৰৰ অভিযোগ তদন্ত কৰা বিপৰীতে অভিযোগকাৰী  ভিক্টৰকহে গ্ৰেপ্তাৰ কৰে।পানবজাৰ আৰক্ষীয়ে ভিক্টৰক তথ্যহীন অভিযোগ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।তাৎপৰ্যপূৰ্ণ কথা এই  যে দুদিন পূৰ্বে ভিক্টৰে পানবজাৰ আৰক্ষীক অৱগত কৰিছিল সমগ্ৰ তথ্য।ইফালে দীৰ্ঘসময় জেৰাৰ অন্তত ভিক্টৰে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।আনহাতে আজি পানবজাৰ আৰক্ষীয়ে ভিক্টৰক কামৰূপ(ম) ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে।কেলেংকাৰী হোৱা অভিযোগ দিয়া ভিক্টৰৰ বিৰূদ্ধে আৰক্ষীয়ে 120বি, 153, 153এ, 384, 505বি, 511 নম্বৰৰ ধাৰাত গোচৰ ৰুজু কৰিছে।ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো ভিক্টৰে নিজ স্থিতিত অটল আছে।

Your Comments