তেলেংগানাত মুখ্যমন্ত্ৰীৰ সভাত অপ্ৰীতিকৰ পৰিস্থিতিক গৰিহণা কংগ্ৰেছৰ

A

নিউজ ডেস্ক:

"তেলেংগানাত বিজেপিৰ উত্থান দেখি TRS শংকিত হৈছে।হতাশৰ বহিঃপ্ৰকাশ ঘটাই TRSয়ে মঞ্চত থকা মুখ্যমন্ত্ৰীৰ মাইক কাঢ়ি লৈছে"- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷দেহৰক্ষী লৈ থকা মানুহজনে মঞ্চত উঠাটো অস্বাভাৱিক নহয়।টিআৰএছ দলৰ হতাশা ওলাই পৰিছে।আগন্তুক নিৰ্বাচন বিজেপিৰ বাবে ভাল হ'ব।প্ৰচাৰ পাবৰ বাবে বা হতাশাৰ বাবেই এইবোৰ কৰিছে- বৰুৱাই কয়।উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ লগতে  তেলেংগানাৰ বিশেষ সভাত উপস্থিত আছিল মন্ত্ৰী বৰুৱাও।
আনহাতে মুখ্যমন্ত্ৰীৰ সভাত হোৱা এই অপ্রীতিকৰ ঘটনাক গৰিহণা কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্তৰ।
"সভাখন ৰাজনৈতিক সভা নাছিল গতিকে তেনে সভাত ৰাজনৈতিক কথা ক'ব নালাগে।ধৰ্মীয় সভাত ৰাজনীতিৰ কথা কোৱাটো অনুচিত বুলিও কয় পুৰকায়স্তই।

Your Comments