মাদ্ৰাছা উচ্ছেদৰ প্ৰকৃত কাৰণ গীতা চুই শপত খাই কওঁক মুখ্যমন্ত্ৰীয়ে- আব্দুল খালেক

A

নিউজ ডেস্ক:
"জমিয়ত উলেমা পৰম্পৰা ভংগ কৰিছে সাংসদ বদৰুদ্দিন আজমলে।মাদ্ৰাছা পৰিচালনা তন'জিম বৰ্ড ৰাজনীতি মুক্ত হ'ব লাগে"- এই দাবী বৰপেটাৰ সাংসদ আব্দুল খালেকৰ।তনজিম বৰ্ডৰ সভাপতিৰ পদ ত্যাগ কৰিব লাগে আজমলে।জমিয়ত উলেমাৰ ইতিহাসত নাই ৰাজনীতৰ  নেতা হৈ তনজিম বৰ্ডৰ সভাপতি হৈ থকা।

দিছপুৰত সংবাদ মাধ্যমক সম্বোধন কৰি খালেকে কয় - জেহাদী বিচাৰ আইনী প্ৰক্ৰিয়াৰে হ'ব লাগে।আজমলে কোৱা দৰে গুলীয়াই দি নহয়।

আনহাতে মাদ্ৰাছা উচ্ছেদকলৈ মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে বিভিন্ন ব্যাখ্যা দাঙি ধৰা প্ৰসংগত খালেকে প্ৰত্যাহ্বান জনাই কয়- মাদ্ৰাছা উচ্ছেদৰ প্রকৃত সত্য মুখ্যমন্ত্ৰীয়ে গীতা চুই শপত খাই কব লাগে।মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছাক লৈ নিতৌ বিভ্ৰান্ত বিয়পাইছে।

Your Comments