সাৱধান, ভুৱা চিকিৎসক ওলাইছে ৰাজ্যত; GMCHত ভুৱা নিউৰ'চার্জন আটক

A

নিউজ ডেস্ক:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আটক ভুৱা চিকিৎসক।প্ৰণৱ জ্যোতি দাস নামৰ এজন ভুৱা চিকিৎসকক ধৰা পেলালে ৰোগীৰ আত্মীয়ই।
নিজকে নিউৰ'চার্জন বুলি চিনাকি দি চিকিৎসা চলাই গৈছিল চিকিৎসকজনে।চার্জিকেল বিভাগত চিকিৎসা কৰি থাকোতেই এগৰাকী ৰোগীৰ আত্মীয়ই ধৰিলে এই  প্ৰণৱজ্যোতিক।

ইফালে ৰোগীৰ আত্মীয়ই চিকিৎসক গৰাকীক কৰায়ত্ত কৰি গতাই দিয়ে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক।বৰ্তমান ভঙাগড় আৰক্ষীৰ হাতত  আছে ধৃত চিকিৎসক গৰাকী ৷

তাৎপৰ্যপূৰ্ণ কথা এই যে ভুৱা পৰিচয় পত্ৰ বনাই লৈ চিকিৎসা কৰিবলৈ আহিছিল ধৃত প্ৰণৱ জ্যোতি দাসে।পূৰ্বে মাজে মাজে চিকিৎসা মহাবিদ্যালয়খনলৈ অহাৰ কথা স্বীকাৰ কৰে  ভুৱা চিকিৎসক জনে।লগতে এইমছলৈও চিকিৎসা দান কৰিবলৈ তেওঁ যায় বুলি প্রকাশ কৰিছে।

Your Comments