বিদ্যালয় একত্ৰীকৰণ আৰু মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ অসম তৃণমূল কংগ্ৰেছৰ

A

নিউজ ডেস্ক: 

বিদ্যালয়ৰ একত্ৰীকৰণ কৰা আৰু মাতৃভাষা বিৰোধী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ।অসম চৰকাৰে বন্ধ কৰাৰ বাবে প্ৰকাশিত বিদ্যালয় তালিকাত অন্তৰ্ভুক্ত হাতীগাঁৱৰ হেমন্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰূপায়ণ হয় প্ৰতিবাদী কাৰ্যসূচী।

টি এম চি মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা অসম তৃণমূল কংগ্ৰেছৰ দলটোৱে বেনাৰ আৰু হাতে হাতে প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিদ্যালয় বন্ধ কৰা আৰু মাতৃভাষা বিৰোধী হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক দাবী জনায়।ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিৰুদ্ধে গৈ শৰ্মাই নিজৰ মইমতালি প্ৰদৰ্শন কৰি যেতিয়াই যি মন যায় তাকে কৰিবলৈ লোৱা অগ্ৰহণযোগ্য নীতি মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

বিদ্যালয় একত্ৰীকৰণ কৰা আৰু মাতৃভাষাবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক', 'বিদ্যালয়ৰ আন্ত:গাঁথনি উন্নত কৰক', 'অসম তৃণমূল কংগ্ৰেছ  জিন্দাবাদ' শ্ল'গানেৰে অসম চৰকাৰক সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে।জনসাধাৰণৰ আশা অকাংক্ষাক বুঢ়া আঙুলি দেখুৱাই চৰম অগণতান্ত্ৰিকতাৰ পৰিচয় দি চৰকাৰ চলোৱা নীতি নচলিব।অসম চৰকাৰখন ছাত্ৰ-ছাত্ৰী বিৰোধী, শিক্ষা বিৰোধী, মাতৃভাষা বিৰোধী বুলি মন্তব্য কৰে তেওঁ।

চৰকাৰে সময়মতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নত নকৰা বাবে নিম্নতম সা সুবিধা নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে বুলি মন্তব্য কৰি শৰ্মাই বিদ্যালয় বন্ধ কৰি নিজৰ দক্ষতাৰ পৰিচয় দিব নালাগে বুলি কটাক্ষ কৰে দিলীপ কুমাৰ শৰ্মাই।শাসনত বহি চৰকাৰ যন্ত্ৰক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ আগবাঢ়িলে অসম তৃণমূল কংগ্ৰেছ দলে বঞ্চিত-শোষিত জনতাক লগত লৈ ধাৰাবাহিকভাৱে আন্দোলন কৰি ব্যৰ্থ কৰি দিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

Your Comments