কংগ্ৰেছৰ ভাৰত জোৰা কাৰ্যসূচীক কমেডি আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

A

নিউজ ডেস্ক:
কংগ্ৰেছৰ ভাৰত জোৰা কাৰ্যসূচীক কমেডি আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।কন্যাকুমাৰীৰ পৰা নহয় পাকিস্তানৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিব লাগে বুলি কটাক্ষ কৰে শৰ্মাই।১৯৪৭চনত দেশ বিভাজন কৰা কংগ্ৰেছে এই যাত্ৰা ভাৰতত কৰা প্ৰয়োজন নাই।যদি কৰে পাক-বাংলাৰ পৰা কৰক।দেশ বিভাজনৰ সিদ্ধান্ত লোৱা কংগ্ৰেছে পূৰ্বৰ ভুল ক্ষমা খোজক।কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, শিলচৰৰ পৰা গুজৰাটলৈ দেশ ঐক্য।ইয়াক লৈ কাৰো দ্বিমত নাই- তেওঁ লগতে কয়।

আনহাতে কংগ্ৰেছৰ এই কাৰ্যসূচী প্ৰসংগত এআইইউডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে কয়- সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধ ভাৱে কৰিব লাগিছিল এই কাম।

Your Comments