জাকিৰ হুছেইন সিকদাৰ নতুনকৈ জ্যোতিষী হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত বহক- ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:

"ইমান দিনে জাকিৰ হুছেইন সিকদাৰক ৰাজনীতিক বুলিহে জানিছিলো, এতিয়া নতুনকৈ জ্যোতিষী হৈছে।ব্ৰহ্মপুত্ৰৰ পাৰত বহিলে বহুত লাভ হ'ব"- এআইইউডি এফ ২০৩১ত শেষ হ'ব বুলি কৰা কংগ্ৰেছ বিধায়কৰ ভৱিষ্যতবাণীক এইবাৰ উভতি ধৰিল বিধায়ক হাফিজ ৰফিকুল ইছলামে।

"মিত্ৰতা কৰিবলৈ হ'লে সমপৰ্যায়ৰ, শক্তিশালী দল হ'ব লাগিব।কংগ্ৰেছে বদনাম কৰে আমি বিজেপিৰ লগত হলি-গলি কৰো।কিন্তু আজি কেবিনেট চালেই গম পাব কংগ্ৰেছী কিমান আছে বিজেপিত"- ইছলামে কয়।

আনহাতে কলিয়াবৰ, নগাঁও, বৰপেটাত এ আই ইউ ডি এফ দলে প্ৰাৰ্থী বিজেপিৰ নিৰ্দেশত দিব বুলি বিধায়ক সিকদাৰে কোৱা মন্তব্যক উভতি ধৰি ইছলামে কয় যে- দল জন্মৰ পৰাই কলিয়াবৰত প্ৰাৰ্থী দি আহিছোঁ।কংগ্ৰেছে হাতে ভৰি ধৰা বাবেহে যোৱাবাৰ প্ৰাৰ্থী দিয়া নাই।
ইফালে কৰিমগঞ্জত কংগ্ৰেছে প্ৰাৰ্থী দি বিজেপিক জয়ী হোৱাতহে সহায় কৰিছে।কংগ্ৰেছৰ কোনো অস্তিত্ব নাই ৷

"আমাৰ সভাপতিয়ে ধুবুৰীত প্ৰতিদ্বন্দিতা কৰিব, সাহস আছে যদি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ধুবুৰীত নিৰ্বাচন খেলক।আমানতৰ ধন বাজেয়াপ্ত হ'ব"- এই প্ৰত্যাহ্বান ইছলামৰ।

আমাৰ যুঁজ বিজেপিৰ লগত, কংগ্ৰেছৰ ভূপেন বৰা মুখ্যমন্ত্ৰীৰ সৈতে আছে।মাদ্ৰাছা ধ্বংসৰ আমি বিৰোধিতা কৰিছোঁ।কিন্তু কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ সৈতে সমৰ্থন কৰিছে- তেওঁ লগতে কয়।

Your Comments