অসমৰ ১৫-২০টা সমষ্টিৰ বাদে বাকী সমষ্টিত নাই AIUDFৰ কর্মী- জাকিৰ হুছেইন সিকদাৰ

A

নিউজ ডেস্ক:
"পতন আৰম্ভ হৈছে এআইইউডিএফৰ।এআইইউডিএফ দলৰ কফিনত শেষ গজাল মাৰিছে বদৰুদ্দিন আজমলে।২০২৪ৰ নিৰ্বাচনত ৫০শতাংশ, ২০২৬ত ৭৫শতাংশ আৰু ২০৩১ত সম্পূৰ্নকৈ নোহোৱা হ'ব দলটো" - এই ভৱিষ্যত বাণী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।

কংগ্ৰেছৰে এআইইউডিএফৰ মিত্ৰতা প্ৰসংগত কংগ্রেছ বিধায়ক গৰাকীয়ে কয়- কোনো কাৰণতে মিত্ৰতা নহয় এআইইউডিএফৰে।মিত্ৰতাৰ বাবে সংগী বিচাৰি আপ্ৰাণ চেষ্টা চলাই আছে।মিত্ৰতাৰ বাবে কাকূতি-মিনতিৰে হাতে ভৰিয়ে ধৰিবলৈ চেষ্টা চলাইছে।নিশা অন্ধকাৰত সাক্ষাৎ কৰাৰ বাবেও সুযোগ বিচাৰিব কিন্তু এআইইউডিএফৰ  তলা-চাবিৰে মিত্ৰতা দুৱাৰ বন্ধ কৰি থৈছোঁ।

ইফালে অসমত দিছপুৰ আৰু দিল্লীৰ নিৰ্দেশ মতে কাম কৰি আছে আজমলে।দিল্লী-দিছপুৰৰ নিৰ্দেশ মানি অহা লোকসভাত কলিয়াবৰ, নগাওঁ, বৰপেটাত প্ৰাৰ্থী দিব তেওঁলোকে।অসমৰ মানুহেও বুজি পাইছে কাৰ নিৰ্দেশত  আজমলে কাম কৰে আজিৰ দিনত- সিকদাৰে কয়।

আনহাতে দলটোক কটাক্ষ কৰি কংগ্ৰেছ বিধায়ক জনে কয়- অসমৰ ১২৬টা সমষ্টিৰ ১৫-২০টা সমষ্টিক বাদ দি বাকী সমষ্টিত দৰৱলৈও নাই এআইইউডিএফৰ কর্মী।সাহস আছে যদি আজমলে কওঁক চৰকাৰ গঠন কৰিব পাৰিব বুলি।বিজেপিৰ সহায়ৰ বাবে অসমত কংগ্ৰছ নাই বুলি কৈছে কয় তেওঁলোকে।মানুহ যেতিয়াই দুৰ্বল হয় তেতিয়া চেলেঞ্জ দিয়ে, গতিকে ভূপেন বৰাক চেলেঞ্জ দিছে আজমলে।

Your Comments