NDAৰ লগতে থাকিম, ৬নং দফা প্ৰতিবেদন ক’ত আছে নাজানোঁ- ৰমেন্দ্র নাৰায়ণ কলিতা

A

নিউজ ডেস্ক:


"বিগত ডেৰ বছৰ লগত আছোঁ গতিকে আগন্তুক 4টা বছৰো আমি এনডিএৰ লগতে থাকিম।এতিয়ালৈকে এনডিএ ত্যাগ কৰা আমাৰ কোনো পৰিকল্পনা নাই"- এই মন্তব্য অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ।
দিছপুৰত সাংবাদিকৰ প্ৰশ্ন উত্তৰ দি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক কলিতাই কয়-যদি অংক বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়ায় তেন্তে সকলো সুবিধা কৰি দিব লাগিব চৰকাৰে।অসমৰ পৰা অসমীয়া ভাষা শেষ  হ'ব দিব নোৱাৰি।
আনহাতে মাদ্ৰাছা উচ্ছেদক লৈ কলিতাই কয় জেহাদীৰ বাবে মাদ্ৰাছা ধ্বংস কৰা হোৱা নাই।চৰকাৰৰ নিয়ম মানি নচলা বাবেহে ভাঙি দিয়া হৈছে।
ইফালে পুনৰ কা আন্দোলনৰ সন্দৰ্ভত বিধায়ক গৰাকী য়ে কয়-অসম চুক্তি আখৰে আখৰে পালন হ’ব লাগিব।৭নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ কাৰ্যকৰী হলে অসমীয়া জাতি ৰক্ষা হ'ব আৰু 'কা' উদ্দেশ্য সফল হ'ব।তাৎপৰ্যপূৰ্ণ কথা এই যে চৰকাৰৰ লগত থাকিও অসম চুক্তিৰ ৬নং দফাৰ উচ্চস্তৰীয় প্ৰতিবেদন ক'ত আছে বৰ্তমানেও নাজানে অগপই।আগন্তুক বিধানসভাৰ অধিবেশনত অগপই প্ৰতিবেদনৰ ওপৰত প্রশ্ন কৰিব।

Your Comments