বিজেপিয়ে মানুহক ৰুগীয়া কৰি AIUDFক পঠাইছে চিকিৎসা কৰিবলৈ- নুৰুল হুদা

A

নিউজ ডেস্ক:

"মাদ্ৰাছাত জেহাদী আছে ধৰি শাস্তি দিয়ক।সন্ত্ৰাসবাদক আমি কেতিয়াও সমৰ্থন নকৰো।ইছলাম শান্তি-অহিংসা ধর্ম, হিংসাৰ স্থান মাদ্ৰাছাত নাই।মাদ্ৰাছাত থকা ব্যক্তি উগ্ৰপন্থীৰে সম্পৰ্ক থাকিলে ফাঁচী জেল যি দিলেও দিয়ক।কিন্তু জেহাদীৰ নাম লৈ অনুষ্ঠান ভাঙি দিয়াটো  মৰ্মান্তিক-গৰিহণাৰ কাম"- এই মন্তব্য বিধায়ক নুৰুল হুদাৰ।ধৰ্মীয় শিক্ষাৰ পৰা আমাৰ সমাজখনক বঞ্চিত কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে।Aiudf -বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।কিছুদিনৰ পূৰ্বে কৰিমগঞ্জ কতাহবাড়ী উচ্ছেদস্থলীত কংগ্ৰেছে পৰিদৰ্শন কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা দিছিল কিন্তু তাৰ আগমুহূৰ্তত উক্ত অঞ্চলটোত AIUDFক যাবলৈ দিছিল- হুদাই কয়।

"বিজেপিয়ে উচ্ছেদ, ভাঙি চুৰমাৰ কৰি মানুহক অন্যায় কৰিছে পিছ মুহূৰ্ততে AIUDFক পঠাইছে মানুহক শান্ত কৰিবলৈ।বিজেপিয়ে মানুহক ৰুগীয়া কৰিছে আৰু AIUDFক পঠাইছে চিকিৎসা কৰিবলৈ"- কংগ্ৰেছৰ ৰূপহীহাটৰ বিধায়ক গৰাকীয়ে এইদৰে কয়।

মাদ্ৰাছা ভাঙি সংখ্যাগুৰুৰ সমৰ্থন আদায়ৰ চেষ্টা বিজেপি দলে কৰিছে তাতে ঘঁৰিয়ালৰ চকুপানী টুকি AIUDFয়ে সংখ্যালঘু সমৰ্থন আদায়ৰ চেষ্টা কৰিছে বিজেপি- AIUDFয়ে ৰাজনৈতিক অভিসন্ধিৰে এই কাৰ্য সম্পাদন কৰিছে।উচ্ছেদস্থলীলৈ কংগ্ৰেছক যাব নিদিয়ে কিন্তু AIUDFক যাবলৈ দিয়া কথাই বুজাইছে আচল ৰহস্য- বিধায়ক গৰাকীয়ে লগতে কয়।

Your Comments