মাদ্ৰাছা ভাঙি বিজেপিয়ে ঘা কৰি AIUDFক মলম লগাব পঠাইছে

A

নিউজ ডেস্ক:
"অসমৰ ৰাজনীতিত ডাঙৰ ভাই-সৰু ভাই বিজেপি- এআইইউডিএফ।একেলগে বহি মেৰু বিভাজনৰ পৰিকল্পনা কৰে"- মন্তৱ্য কংগ্ৰেছৰ বিধায়ক আব্দুল ৰচিড মণ্ডলৰ।মাদ্ৰাছাৰ ওপৰত মুছলমানৰ অঞ্চলত বু'লডজাৰ চলাইছে।এআইইউডিএফে কন্দা-কটা কৰিছে, ভোট বিভাজন কাৰ হ'ব অসমৰ ৰাইজে বুজিছে।মাদ্ৰাছা উচ্ছেদ বিৰোধিতা কৰি বিধায়ক মণ্ডলে কয়।

সংবিধানত শপত লোৱা মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে সংবিধানক অৱমাননা কৰিছে।মাদ্ৰাছা উচ্ছেদক এআইইউডিএফ বিজেপিৰ বুজাবুজি ৰাজনীতি বুলি উল্লেখ কৰি মণ্ডলে কয়-বিজেপিয়ে সাপ হৈ খুঁটিছে আৰু এআইইউডিএফে য়ে বেজ হৈ জাৰিছে।মাদ্ৰাছা ভাঙি বিজেপিয়ে ঘা কৰি, এআইইউডিএফক মলম লগাবলৈ পঠাইছে।বিজেপিয়ে এআইইউডিএফক সুযোগ দিয়াৰ বাবে অত্যাচাৰ কৰিছে ।
অভিযুক্ত জেহাদী মাদ্ৰাছাত ধৰা পৰা বাবেই মাদ্ৰাছাত বুলড'জাৰ চলাইছে।কিন্তু উগ্ৰপন্থী পৰেশ বৰুৱা, ৰঞ্জন দৈমাৰীয়ে পঢ়া স্কুল-কলেজ কিয় উচ্ছেদ কৰা নাই বুলি প্রশ্ন কৰি মণ্ডলে কয়-দুষ্কৃতিকাৰীক ফাঁচী দিয়ক আমাৰ আপত্তি কৰিব লগা নাই।কিন্তু মাদ্ৰাছাত বু'লডজাৰ চলাবলৈ কোন আইনত আছে।মাদ্ৰাছা উচ্ছেদ কৰি বিজেপিয়ে সংখ্যাগুৰুৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছে।

ইফালে সংখ্যালঘুৰ ত্ৰাণকৰ্তা এআইইউডিএফ হ'ব নোৱাৰে।কন্দা-কটা কৰি সমস্যাহে বঢ়াইছে বুলিও লগতে তেওঁ কয়।

Your Comments