দিল্লীৰ লগত অসম তুলনা নহয়, পাঞ্জাৱ মডেল আপে গৌৰৱেৰে ক'ব পাৰিলেহে মই চেল্যুট জনাম- জাকিৰ হুছেইন সিকাদাৰ

A

নিউজ ডেস্ক:
অসমৰ শিক্ষা ব্যৱস্থাত আমি বহু পিছুৱাইছো ;চৰকাৰে স্বীকাৰ কৰিব লাগিব।অসমৰ শিক্ষা ব্যৱস্থাত চৰকাৰৰ কৰিব লগা আছে কিন্তু কৰা নাই।ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক আৰু আন্তগাঁথনি নাই তাৰ মাজত চলি আছে আমাৰ শিক্ষা ব্যৱস্থা- মন্তব্য বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।

"ইউ.পি.এ চৰকাৰৰ দিনত প্ৰয়াত মুখ্যমন্ত্ৰীয়ে দিল্লীক বহু ক্ষেত্ৰত গঢ়ি গৈছে।যাৰ ফলত কেজৰীৱালে বহু কাম নকৰিলেও হৈছে।শিক্ষা বিভাগত কেজৰীৱালে মনোযোগ দিছে তাৰ বাবে ধন্যবাদ দিছোঁ।দিল্লীৰ শিক্ষা ব্যৱস্থাৰ পৰা শিকিব লগা আছে"- কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি সিকদাৰে কয়।

আনহাতে আম আদমীৰ নেতাসকলক কটাক্ষ কৰি বিধায়ক গৰাকীয়ে কয়- দিল্লীৰ লগত অসম, বিহাৰ পশ্চিম বংগ, আদি ৰাজ্যক তুলনা কৰি লাভ নাই।আম আদমী পাৰ্টীয়ে পাঞ্জাৱ মডেলৰ কথা কওঁক।পাঞ্জাৱ মডেলাৰ কথা  গৌৰৱেৰে যেতিয়া ক'ব পাৰিব তেতিয়াই আম আদমী পাৰ্টীক চেল্যুট জনাম।বেলেগ ৰাজ্যৰ লগত দিল্লীক তুলনা কৰাৰ  কোনো অৰ্থ নাই বা কৰিবও নালাগে।

Your Comments