মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰ্জিনেল আৰ এছ এছ হ'ব নোৱাৰে, তেজত আৰ এছ এছ নাই- আজমল

A

নিউজ ডেস্ক:

"অসমৰ মুখ্যমন্ত্ৰী যিমানেই যি নহওঁক অর্জিনেল আৰ এছ এছ হ'ব নোৱাৰে।মুখ্যমন্ত্ৰীৰ তেজত নাই আৰ এছ এছ"- এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।এইবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আহিবলৈ ১০শতাংশ মুছলিম ভোটৰ প্ৰয়োজন হ'ব।যিসকলক পইচাৰে কিনিব পাৰি কিনিব আৰু ভয় দেখুৱাই একাংশ ভোট লব।অসমত হয়তো নীতি লৈছে মাদ্ৰাছা ভাঙি মুছলমানক বিজেপি ফলিয়া কৰা- আজমলে কয়।
জেহাদীক গুলিয়াই দিয়ক আপত্তি নাই কিন্তু মাদ্ৰাছা ভঙাত আপত্তি আছে।মাদ্ৰাছাৰ ধাৰনাটো ভাল ধাৰণা।
আনহাতে কংগ্ৰেছক সমালোচনা কৰি আজমলে কয়- কংগ্ৰেছ অসমত নাইয়ে।কংগ্ৰেছৰ কথা সংবাদ মাধ্যমত সোধা বন্ধ কৰি দিলেই মানুহে পাহৰি যাব।ভূপেন বৰাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ৫০জনহে মানুহ পাই লাজ পাব লাগে।
ইফালে দেশৰ ৰাজধানী ৫খন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাবক উপলুঙা কৰি আজমলে কয়- ৰাজধানী পাঁচখন হলে ভালেই হ'ব।অসমৰ প্ৰধানমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হ'ব।কথাই কথাই দিল্লীলৈ যাব এতিয়া ৰাজধানী হলে ভাল হ'ব।এআইইউডিএফে ইয়াক সমৰ্থন কৰিছোঁ- আজমলে কয়।

Your Comments