মাদ্ৰাছাত বু'লডজাৰ চলোৱাত আমাৰ আপত্তি আছে- আজমল

A

নিউজ ডেস্ক:

"বু'লডজাৰ নীতি অসমত নচলিব, উত্তৰ প্ৰদেশতহে চলিব।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হওঁক"- মাদ্ৰাছাৰ উচ্ছেদ প্ৰসংগত এই ভাষ্য সাংসদ আজমলৰ।মাদ্ৰাছাত বু'লডজাৰ চলোৱাত আমাৰ আপত্তি আছে।জমিয়ত-AIUDFৰ সভাপতি ৰূপে এইয়া ক্লিয়াৰ কথা-হুংকাৰ প্ৰদান কৰি সাংসদ আজমলে কয়।কণী-মূৰ্গী দান আৰু চান্দা পইচাৰে মাদ্ৰাছা বনোৱা হয়।মাদ্ৰাছাত ভাল, ভাতৃত্ববোধৰ শিক্ষা দিয়া হয়।মাদ্ৰাছাসমূহ থাকিব লাগে, মাদ্ৰাছা থাকিলেহে আমাৰ ল'ৰা-ছোৱালী ভাল হ'ব-ধুবুৰীৰ সাংসদ আজমলে কয়।

আনহাতে চৰকাৰ তথা গৃহবিভাগে যদি জেহাদী পাইছে ধৰক তাত কব লগা নাই।মাদ্ৰাছাত বুলডজাৰ চলাই ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে বিজেপিৰ চৰকাৰে।একো চিন্তা নকৰাকৈ মাদ্ৰাছা বন্ধ কৰিছে চৰকাৰে -আক্ষেপ প্ৰকাশ কৰি আজমলে কয়।

Your Comments