সাংসদ আব্দুল খালেকৰ ডি এন এ পৰীক্ষাৰ দাবী বিধায়ক দিগন্ত কলিতাৰ

A

নিউজ ডেস্ক:

সাংসদ আব্দুল খালেকৰ মোগল প্ৰেমে উত্তাল কৰিছে এতিয়া দিছপুৰ।সাংসদ গৰাকীৰ মন্তব্যক আজি উভতি ধৰিছে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই।কমলপুৰ সমষ্টিৰ বিধায়ক কলিতাই কয়-খালেকৰ এই মন্তব্যই সন্দেহৰ সৃষ্টি কৰাইছে তেওঁ মোগলৰ বংশ নেকি!তেওঁৰ পূৰ্বপুৰুষ মোগলৰ বংশধৰ আছিল নেকি তাৰো অলপ অধ্যয়নৰ প্ৰয়োজন।
ইফালে খালেকৰ মন্তব্য প্ৰসংগত কলিতাই কয়- কংগ্রেছৰ দিন ইমানেই বেয়া মোগলে উদ্ধাৰ কৰিব লগা হৈছে।নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছ দলে।
আনহাতে খালেক মোগলৰ বংশধৰ নেকি তাৰো ডি এন এ পৰীক্ষা কৰাৰো দাবী জনায় বিধায়ক কলিতাই।

Your Comments