আব্দুল খালেকে পিতৃৰ নাম বাদ দি চাচাৰ নাম লোৱা আৰম্ভ কৰিছে- শ্বেৰমান আলি আহমেদ

A

নিউজ ডেস্ক:

'মই মোগলক লৈ আগ্ৰহী নহয়।আব্দুল খালেকে পিতৃৰ নাম বাদ দি চাচাৰ নাম লোৱা আৰম্ভ কৰিছে'- মন্তব্য নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলি আহেমদৰ।

মোগলৰ প্ৰতি খালেকক কটাক্ষ কৰি আহমেদে কয় যে খালেকৰ হতাশগ্ৰস্ততা দেখি মোৰ পুতৌ হে জন্মিছে।মোগলৰ কথাৰে সংখ্যালঘুৰ পৰা সমৰ্থন লব বিচাৰিছে খালেকে।বৰপেটা সমষ্টিৰ মানুহ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বুৰ্বক নহয়। 

আনহাতে মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আৰু খালেকে নিৰ্বাচন আহিলেই সাম্প্ৰদায়িক মন্তব্য কৰে বুলি কৰা মন্তব্যক উভতি ধৰি আহমেদে কয়-মুখ্যমন্ত্ৰীয়ে মোৰ নাম লৈছে কিন্তু মই কেতিয়াও সাম্প্ৰদায়িক কথা কোৱা নাই।

ইফালে কংগ্ৰেছ গোটেই অসমতে শেষ হৈছে।অপদাৰ্থ নিষ্কৰ্মা বিধায়ক বহুত আছে কংগ্ৰেছত।কোনো দিনে চিনাক্ত নহয় কংগ্ৰেছৰ গাড্ডাৰ বিধায়ক।

Your Comments