অংকিতা দত্তলৈ চি বি আইৰ চমন, ৩ছেপ্টেম্বৰত হাজিৰ হ'ব লাগিব কলিকতাত

A

নিউজ ডেস্ক:
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তলৈ চিবিআইৰ চমন।সাৰদাৰ প্ৰসংগত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীক চি বি আয়ে জাৰি কৰিছে চমন।
উল্লেখ্য যে,'দৈনিক বাতৰি কাকতত" সাৰদা ধন বিনিয়োগ হোৱাৰ অভিযোগত ২০১৫চনৰ গোচৰত দত্তক তলব কৰিছে চি বি আইয়ে।চি বি আইৰ কলকাতা আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অংকিতাক।অহা তিনি ছেপ্টেম্বৰত হাজিৰ হ'ব লাগিব অংকিতাই।
তাৎপৰ্যপূৰ্ণ কথা এই যে, চি বি আইৰ চমনৰ পিছতেই যুৱ নেত্ৰী গৰাকীয়ে কয়-দৈনিক বাতৰিত সাৰদাত ধন বিনিয়োগ হোৱা প্ৰসংগত যিসময়ত গোচৰ হৈছিল সেই সময়ত মই পঢ়ি আছিলো।গুৰুত্বপূৰ্ণ কথা এই যে,শেহতীয়া ভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল যুৱ নেত্ৰী গৰাকী।বিভিন্ন কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল।

Your Comments