গাড্ডাৰ চিনাক্ত কংগ্ৰেছৰ নাটক- শ্বেৰমান আলি আহমেদ

A

নিউজ ডেস্ক:
শিক্ষা-স্বাস্থ্য অবিহনে এখন দেশ বা ৰাজ্য আগবাঢ়িব নোৱাৰে।শিক্ষাখণ্ডত পিছপৰি থকা অসমত নতুনকৈ শিক্ষানুষ্ঠান স্থাপন কৰিব লাগিছিল।জনতাক ব্যক্তিগত শিক্ষাৰ দিশে আগুৱাবলৈ চৰকাৰে বাধ্য কৰিছে।গোপীনাথ বৰদলৈৰ দৰে হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে ঠিয় হ'ব লাগিছিল- এই মন্তব্য বিধায়ক শ্বেৰমান আলি আহেমদৰ।
আনহাতে এন আৰ চিৰ ভিত্তিবৰ্ষ লৈ উচ্চতম ন্যায়ালয়ে যি সিদ্ধান্ত দিয়ে সেয়াই হ'ব।আন্তৰ্জাতিক চুক্তিসমূহক  আওকান কৰি ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে-আলিয়ে কয়।
ইফালে আব্দুল খালেকে শ্বেৰমানক কংগ্ৰেছ দলৰ পৰা খেদি দিয়া বুলি কৰা মন্তব্যৰ প্ৰসংগত কয় যে  "মই সোধা প্ৰশ্নবোৰ যদি মোৰ ব্যক্তিগত প্ৰশ্ন বুলি ভাবিছে তেন্তে ভুল ভাবিছে খালেকে।ৰকিবুল হুছেইনে দখল কৰি থোৱা ৱাকফ সম্পত্তিক লৈ খালেক মৌন কিয়?কংগ্ৰেছে মোৰ প্ৰশ্নৰ উত্তৰ দিলে টিকট নিদিলেও দিন-ৰাতি কংগ্ৰেছ কৰিম।পথভ্ৰস্ত কংগ্ৰেছৰ শুভ বুদ্ধি উদয় হওক, মই ডিচেম্বৰলৈ অপেক্ষাৰত"৷
আনহাতে লোকসভাত কংগ্ৰেছে AIUDFৰ হাতে ভৰি ধৰাৰ গত্যন্তৰ নাই।খালেকৰ কাৰ্যত সমষ্টিবাসী নিৰাশ, হতাশ।মই যি দলক প্ৰতিনিধিত্ব কৰিলেও মোৰ সমৰ্থনত থাকিব বুলি ৰাইজে জনাইছে।ডিচেম্বৰৰ পিছৰ পৰা ৰাইজৰ সৈতে আলোচনা কৰি শুদ্ধ ৰাজনৈতিক প্লেটফৰ্ম নিৰ্ধাৰণ কৰিম।প্ৰতাৰণাৰ ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে।গাড্ডাৰ বিচৰাটো কেৱল কংগ্ৰেছৰ নাটক, অন্য একো নহয়।কোনো গাড্ডাৰ চিনাক্ত কৰিব নোৱাৰে কংগ্ৰেছ দলে।

Your Comments