গাড্ডাৰ চিনাক্তকৰণ সহজ নহয়, AIUDFৰ দুজন বিধায়ক পাক্কা বিজেপিৰ এজেন্ট- আব্দুল খালেক

A

নিউজ ডেস্ক:

"অসমীয়াত যেনেকৈ বিপ্লবী ;আৰবীকত জেহাদী মানে সংগ্ৰাম।জেহাদীৰ নামত নিৰপৰাধী মানুহক গ্ৰেপ্তাৰ কৰা হৈছে"- এই বিস্ফোৰক মন্তব্য সাংসদ আব্দুল খালেকৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি বাংলাদেশৰ পৰা উগ্ৰপন্থী এবিটি সদস্য প্ৰৱেশ কৰিছে তেন্তে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।অসমত বৰ্তমানলৈ কিমানজন অভিযুক্ত জেহাদী দোষী সাব্যস্ত হৈছে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে বুলিও দাবী জনায় সাংসদ গৰাকীয়ে।

আনহাতে কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে এআইইউডিএফৰ পৰা বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি ওলোৱা খবৰক আঁত ধৰি বৰ্তমানৰ সাংসদ গৰাকীয়ে কয়- কোনো আদৰ্শ নথকা ব্যক্তি শ্বেৰমান।পুৱা AIUDF, দুপৰীয়া কংগ্ৰেছ, আবেলি আকৌ AIUDF, সন্ধিয়া বিজেপিৰ লগত থাকে আহমেদ।২৪ত মই নিৰ্বাচন খেলো নে নেখেলো দলেহে ঠিক কৰিব।সুবিধাবাদী শ্বেৰমান আলীক বৰপেটাবাসী ভোটাৰে কেতিয়াও গ্ৰহণ নকৰে।ইফালে AIUDFৰ দুজন বিধায়ক পাক্কা বিজেপিৰ এজেন্ট বুলি বিস্ফোৰণ ঘটাই খালেকে কয়- এআইইউডিএফ পথভ্রষ্ট হৈছে।আজমল ভাল মানুহ আছিল কিন্তু বৰ্তমান বিজেপিৰ নিৰ্দেশনাত উঠা বহা কৰে।

দিছপুৰত মন্তব্য প্রকাশ কৰি খালেকে কয় কংগ্ৰেছৰ গাড্ডাৰক চিনাক্ত কৰা সহজ কাম নহয়।যেতিয়ালৈ  ডিটেক্টৰৰ সন্মুখীন নহয় তেতিয়ালৈকে চিনাক্ত কৰাটো কঠিন।আগন্তুক চাৰিটা বছৰ গোপনে সন্দেহ জনক বিধায়কক নজৰত ৰাখিব লাগিব, পৰ্যবেক্ষণ কৰিব লাগিব৷

Your Comments