গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ, প্ৰতিবাদীক আটক

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ।ৰিহাবাৰী অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ যুৱ তৃণমুল কংগ্ৰেছে আজি সাব্যস্ত কৰে প্ৰতিবাদ।ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানত ব্যৰ্থ হৈছে অসম চৰকাৰ।এই অভিযোগ তৃণমূল কংগ্ৰেছৰ।
অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদত অংশ লয় সভাপতি ৰিপুন বৰাসহ প্ৰায় অৰ্ধশতাধিক কর্মীয়ে।অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বিজেপি হায় হায়,নিবনুৱাক সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।ইফালে প্ৰতিবাদক ৰোধ কৰিবলৈ সষ্টম হৈ আছিল আৰক্ষী।প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

Your Comments