গণেশগুৰি বজাৰত গাড্ডাৰ কুলাংগাৰ বিচাৰি গলে ভূপেন বৰাৰ নামেই কব- কৰিমুদ্দিন বৰভূঞা

A

নিউজ ডেস্ক:
"ভূপেন বৰা বিজেপিৰ এজেন্ট।বিজেপিৰ ন-পুৰণি সংঘাতৰ কথা সেইবাবে তেওঁ জানে"- এই বিস্ফোৰক মন্তব্য  এআইইউদিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ক্ৰছ ভোট কৰা গাড্ডাৰ বিধায়ক কোনো দিনেই চিনাক্ত নহয়।গণেশগুৰি বজাৰত গাড্ডাৰ আৰু কুলাংগাৰ কোন বুলি সুধিলে ভূপেন বৰাৰ নামেই ক'ব ৰাইজে- তেওঁ লগতে কয়।

আনহাতে ২ছেপ্তেম্বৰত বৰপেটাত এআইইউডিএফত বৃহৎ যোগদান অনুষ্ঠানৰ কথা উল্লেখ কৰি বৰভূঞাই কয়- কংগ্ৰেছৰ বহু কর্মীয়ে যোগদান কৰিব আমাৰ দলত।উপ-নিৰ্বাচন নিবিচাৰোঁ তাৰ বাবে বিধায়কে এতিয়াই যোগদান নকৰে।কংগ্ৰেছৰ উপৰিও অন্য সংগঠনৰ নেতাই যোগদান কৰিব আমাৰ দলত।

ইফালে কোচ বিহাৰ স্বায়ত্ত-শাসিত ৰাজ্য গঠন কৰাৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয়- বিজেপিয়ে দলীয় স্বাৰ্থত ভাৰতৰ সকলো ওলট-পালট কৰি দিব পাৰে।কাৰ কি ঐতিহ্য কোনো কথা নাই, কেৱল নিজ দলৰ স্বাৰ্থতেই ঐতিহ্যক্ষেত্ৰৰো সাল-সলনি কৰিবলৈ চিন্তা নকৰে বিজেপিয়ে।

Your Comments