নাগপুৰত গৈ আঁঠুকাঢ়ি আছে ABVPক গালি পৰা অসমৰ মন্ত্ৰীয়ে- ভূপেন বৰা

A

নিউজ ডেস্ক:


মন্ত্ৰীয়ে আঁঠুকাঢ়ি তাঁতবাতি কৰি নাগপুৰলৈ যাব লগা হৈছে, বিভাগ কোনে চলাব?মন্ত্ৰীৰ সংখ্যা এনেই কম তাতে মন্ত্ৰীসভাও সম্পূৰ্ন হোৱা নাই।এজনে আলফাৰ ওচৰত জীৱন ভিক্ষা খুজি তত নাই আকৌ এজনে নাগপুৰত আঁঠুকাঢ়ি এবিভিপিক ক্ষমা খুজি আছে।এজনে সাগৰৰ পাৰত বডী বিল্ডিং কৰি আছে এইয়া অসমৰ মন্ত্ৰীৰ অৱস্থা- এই মন্তৱ্য কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।আমি ২৬ত আহি আছোঁ কিন্তু এতিয়া এনেকুৱা লাগে ২৬ৰ আগতে যেন চৰকাৰ অস্থিৰ হ'ব।

ইফালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এবিভিপিক কটাক্ষ কৰি মহাৰাষ্ট্ৰলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা প্ৰসংগত বৰাই কয়-টিভি দেখি মই পলাই নাযাওঁ।সাংবাদিকক নীতি শিক্ষাও নিদিওঁ।মই সকলো প্ৰশ্নৰে উত্তৰ দিম।এবিভিপিৰ কথাটো এতিয়া ডাঙৰ চিন্তা হৈছে চৰকাৰ লৰচৰ হৈ গৈছে।এই ঘটনা ইয়াতেই শেষ নহয়।

আনহাতে গণতন্ত্ৰৰ বাবে সুভাগ্য বা দুৰ্ভাগ্য যি বুলিয়েই কওঁক বিধায়ক হ'বলৈ বিশেষ যোগ্যতাৰ প্ৰয়োজন নাই।ৰাইজে ভাল পালেই বিধায়ক হয়।অসম বিধানসভাত চকু ফুৰালে গম পাব কেনেকুৱা মানুহ বিধায়ক হৈছে।
আনহাতে ন-বিজেপিৰ আৰু পুৰণি বিজেপিৰ মাজত হোৱা সংঘাত এবিভিপিক চোৰ ডকাইতেৰে তুলনা কৰা  বুলি উল্লেখ কৰি বৰাই কয়-কংগ্ৰেছ এতিয়া নিয়ন্ত্ৰণৰ ভিতৰত আছে।কিন্তু চৰকাৰত সমস্যা হ'লে ৰাজ্যখনৰ লোকচান হ'ব।আঙুলিৰ মূৰত লিখিব পৰা কেইজনমান কংগ্ৰেছীক লৈ আমি ইমান চিন্তিত নহয়।

ইফালে বিজেপিৰ সংসদীয় কমিটিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্তি হোৱাটো অসমৰ বৰ্তমানৰ ৰাজনৈতিক নেতৃত্বৰ বাবে অশুভ সংকেত বুলিও কয় বৰাই।

Your Comments