প্ৰদেশ কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ ৪ ছেপ্টেম্বৰত দিল্লীত বৈঠক

A

নিউজ ডেস্ক:
বিজেপিৰ বেহু ভেদ হ'ব লাহে লাহে।অসমত কোনসকল বিজেপিলৈ গ'ল।সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ সময়ত অজন্তা বাইদেউ আৰু গৌতম ৰয় চি এম ভিজিলেন্সৰ কাৰ্যালয়তে দেখা যায়।এতিয়া অজন্তা বাইদেউ বিত্তীয় ভঁৰালৰ দায়িত্বত আছে।যোৰহাটৰ ফালৰ এজন বিধায়ক  বৰ্তমান আমাৰ পৰা গুচি গল৷ তেওঁৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰী তদাৰকী কোষত তদন্ত চলি আছে- কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয়।

কংগ্ৰেছৰ স্বাধীনতা গৌৰৱ যাত্ৰাক চ'চান যাত্ৰা নামেৰে কটাক্ষ কৰাসকলক উদেশ্য কৰি বৰাই কয়- গুৱাহাটীৰ পৰিৱেশৰ সাংবাদিকসকল সাক্ষী আছিল।৪ ছেপ্টেম্বৰৰ পিছত চাব আমাৰ পৰিৱেশ কি হ'ব।তাৎপৰ্যপূৰ্ণ কথা যে কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ ৪ছেপ্টেম্বৰত দিল্লীত দলৰ শীর্ষ নেতৃত্বৰে বৈঠকত বহিব প্ৰদেশ কংগ্ৰেছ।বিধায়ক সাংসদসহ প্ৰায় ৩০০শতাধিক কর্মীৰে অংশগ্ৰহণ কৰাৰ কথা বৈঠকত।এ আই চি চিৰে প্ৰত্যক্ষ এখন সভা হ’ব- বৰাই কয়।

Your Comments